অসম

assam

ETV Bharat / videos

গুৱাহাটীত দুৰ্গতিনাশিনী দেৱীক আদৰাৰ প্ৰস্তুতি

By

Published : Oct 10, 2021, 10:40 PM IST

ৰাজ্যজুৰি এতিয়া চলিছে দুৰ্গতিনাশিনী দেৱী দুৰ্গাক আদৰাৰ প্ৰস্তুতি। ক’ভিড কেন্দ্ৰিক পৰিস্থিতিৰ বাবে বিগত বৰ্ষৰ দৰে এইবাৰো উদযাপন সমিতিসমূহে কিছু বাধ্য বাধকতা চলি আহিব লগা হৈছে । মহানগৰীৰ উগ্ৰতাৰা দেৱালয়ত ক’ভিত বিধি মানি আয়োজন কৰিছে দুৰ্গাপূজা । সম্পূৰ্ণৰূপে কোভিড নীতি মানি ১২-১৪ অক্টোবৰলৈ ধৰ্মীয় ৰীতি নীতিৰে পূজা কৰা হ’ব । ম’হ বলি দেৱালয়ৰ ফালৰ পৰা এটা হ’ব যদিও ৰাইজৰ পৰা এইবাৰ দিয়াৰ ব্যৱস্থা কৰা নাই । ছাগলী,পাৰ, হাঁহ বলি ৰাজহুৱা ভাৱে হ’ব বুলি কৰ্তৃপক্ষই জনায় । ইপিনে, ১৩২ বছৰ গৰকা উজানবজাৰ বাৰোৱাৰী পূজাত এইবাৰ ৫ ফুট উচ্চতাৰ প্ৰতিমা প্ৰতিষ্ঠা কৰা হ’ব । মন্দিৰ চৌহদত ভক্তই বহি ভোগ খাব নোৱাৰিব । কোভিড নীতি নিৰ্দেশনা মানি ১১-১৫ অক্টবৰলৈ সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে এইবাৰ দুৰ্গাৎসৱ উদযাপন কৰিব।

ABOUT THE AUTHOR

...view details