অসম

assam

ETV Bharat / videos

নতুন ক’ভিড নীতিক লৈ কঠোৰ যোৰহাট প্ৰশাসন

By

Published : May 13, 2021, 2:29 PM IST

12মে’ত ৰাজ্য চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যোগেদি জাৰি কৰিছে নতুন নিৰ্দেশাৱলী ৷ ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ 13 মে'ৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা নিৰ্দেশ অনুসৰি, বিশেষকৈ যান-বাহন চলাচল কৰা ক্ষেত্ৰত বিশেষ নিয়ম বান্ধি দিয়া হৈছে । সেই অনুসৰি, যুগ্ম তাৰিখত যুগ্ম সংখ্যা আৰু অযুগ্ম তাৰিখত অযুগ্ম নম্বৰৰ বাহ চলাচল কৰাৰ বাবে নিৰ্দেশ দিছে প্ৰশাসন বিভাগে । ইয়াৰ পৰিপ্ৰেক্ষিতত যোৰহাটতো ব্যাপক ভাবে কঠোৰ হোৱা পৰিলক্ষিত হৈছে প্ৰশাসনৰ লগতে আৰক্ষীয়ে বিভাগ । যিহেতু আজি অৰ্থাৎ বৃহস্পতিবাৰে অযুগ্ম তাৰিখ পৰিছে, সেয়ো অযুগ্ম তাৰিখত অযুগ্ম সংখ্যাৰ বাহন চলাচল কৰিব লাগে । কিন্তু যোৰহাটত ইতিমধ্যে এই নিয়ম ভংগ কৰি বহু লোক ওলাই অহা পৰিলক্ষিত হৈছে আৰু সেই সকল লোকৰ বিৰুদ্ধে সষ্ঠম হৈ পৰিছে যান-বাহন আৰক্ষী ৷ আনহাতে আজি প্ৰথম দিন হিচাপে জৰিমনা লোৱা হোৱা নাই যদিও অহা শুকুৰবাৰৰ পৰা নিয়ম ভংগকাৰী সকলৰ বিৰুদ্ধে জৰিমনা বিহাৰ ব্যৱস্থা কৰিব বুলি মন্তব্য কৰে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details