অসম

assam

ETV Bharat / videos

ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ'ল আলফাৰ দুই প্ৰাক্তন সদস্য

By

Published : Jul 29, 2021, 9:11 PM IST

আলফাৰ নামত ধন দাবী কৰাৰ অপৰাধত বৃহস্পতিবাৰে দুগৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰিছে টিংখাং আৰক্ষীয়ে ৷ লোক দুগৰাকী আত্মসমৰ্পনকাৰী আলফাৰ সদস্য বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷ প্ৰাক্তন আলফাৰ সদস্য দুগৰাকী ক্ৰমে নোমল চেতিয়া আৰু দিলীপ ভৰালী ৷ ৫২ নং বি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দায়িত্বত থকা গৌতম কনষ্ট্ৰাকছন নামৰ ব্যক্তিগত কোম্পানীটোক ফোনযোগে আলফাৰ নামত ধন দাবী কৰিছিল আলফাৰ এই দুই প্ৰাক্তন সদস্যই । নামৰূপৰ উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ধন দাবীত জড়িত লোক দুজনক টিংখাং ৰাজগড়ৰ ন- ভকতিয়াৰ নিজা বাসগৃহৰ পৰা আটক কৰে । আৰক্ষীয়ে ফোন ৰেকৰ্ডিঙৰ ভিত্তিত দুয়োজনকে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেল-হাজোতলৈ প্ৰেৰণ কৰিছে ।

ABOUT THE AUTHOR

...view details