অসম

assam

ETV Bharat / videos

বৰপেটা সত্ৰৰ শাখা সত্ৰত চুৰিৰ অপচেষ্টা - satra samittee lodged Fire

By

Published : Oct 4, 2021, 4:22 PM IST

তৃতীয়বাৰৰ বাবে বৰপেটাৰ দঙৰকুছি গাঁৱত থকা বৰপেটা সত্ৰৰ শাখা সত্ৰ ৰাখাল গোঁসাই মহাপুৰুষীয়া সত্ৰ চোৰৰ প্ৰৱেশ । দেওবাৰে নিশা সত্ৰখনৰ মূল প্ৰৱেশ দ্বাৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে গভাইত চোৰে । কিন্তু চোৰে সত্ৰৰ কোনো মূল্যৱান সামগ্ৰী লুটি নিবলৈ সক্ষম হোৱা নাই বুলি জানিবলৈ দিছে সত্ৰ পৰিচালনা সমিতিয়ে । প্ৰথমে চোৰে কীৰ্তনঘৰত বিদ্যুতৰ তাঁৰৰ সংযোগ বিচ্ছিন্ন কৰে আৰু তাৰ পাছতে সত্ৰখনত প্ৰৱেশ কৰে ৷ পূৰ্বেও সত্ৰখনত দুবাৰকৈ সংঘটিত হৈছিল চুৰিৰ ঘটনা ৷ সেয়ে, সত্ৰখনত কোনো ধন-সোণ বা আন মূল্যৱান সামগ্ৰী থোৱা নহয় ৷ অৱশ্যে চোৰে সত্ৰখনৰ মণিকূট অথবা গুৰুআসনৰ কোনো অনিষ্ট সাধন কৰা নাই ৷ সত্ৰখনত চুৰিৰ ঘটনা সংঘটিত হোৱা সন্দৰ্ভত বৰপেটা সদৰ থানাত সত্ৰ সমিতিয়ে এজাহাৰ দাখিল কৰিছে । লগতে সত্ৰখনৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে চৰকাৰক আহ্বান জনাাইছে । সত্ৰখনৰ চাৰিওদিশে দেৱাল নিৰ্মাণ কৰিব পৰা হোৱা নাই এনে ঘটনা বাৰে বাৰে সংঘটিত হৈছে বুলি অভিযোগ তুলিছে সত্ৰ পৰিচালনা সমিতিয়ে । আনহাতে, সত্ৰৰ মূল প্ৰৱেশদ্বাৰত লগাই থোৱা তলাত চোৰে এচিড ঢালি দিয়াৰো অভিযোগ উত্থাপিত হৈছে ।

ABOUT THE AUTHOR

...view details