আজিৰ তাৰকাঃ হাইস্কুল শিক্ষান্ত 2019
ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ আজি ঘোষিত ফলাফলত ৰাজ্যৰ সৰ্বমুঠ 39 গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম দহটা স্থান দখল কৰিবলৈ সক্ষম হয় ৷ চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ 3,36,203 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 2,02,504গৰাকী উত্তীৰ্ণ হৈছে ৷ ইয়াৰ ভিতৰত 48,599 গৰাকীয়ে প্ৰথম বিভাগ, 71,020গৰাকী দ্বিতীয় বিভাগ আৰু 82,889 গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৷ মুঠ 60.23 % শিক্ষাৰ্থী উত্তীৰ্ণ হয় এইবাৰ পৰীক্ষাত ৷