বকো উচ্চ মাধ্যমিক বিদ্যালয়ত সুচাৰুৰূপে অনুষ্ঠিত হ'ল বিশেষ মেট্ৰিক পৰীক্ষা - boko high school
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ বকোৰ বিদ্যালয়সমূহতো শুকুৰবাৰে অনুষ্ঠিত হয় বিশেষ হাইস্কুল শিক্ষান্ত পৰীক্ষা । বকো উচ্চ মাধ্যমিক বিদ্যালয়তো সুচাৰুৰূপে এই পৰীক্ষা অনুষ্ঠিত কৰা হয় । কেন্দ্ৰটোত স্থানীয় দহখন হাইস্কুলৰ ২৩২গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হয় । শুকুৰবাৰে পৰীক্ষাৰ প্ৰথম দিনটোত ইংৰাজী বিষয়ৰ পৰীক্ষাত মুঠ ২৩২গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১৭৩ গৰাকী পৰীক্ষাত অৱতীৰ্ণ হয় । উল্লেখ্য যে, চলিত বৰ্ষত ক'ভিড মহামাৰীৰ ভয়াৱহ সংক্ৰমণ অব্যাহত থকাৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লৈছিল শিক্ষা বিভাগে । ইয়াৰ পিছত বিভাগটোৱে বিকল্প মূল্যায়ন ব্যৱস্থাৰে মেট্ৰিকৰ ফলাফল ঘোষণা কৰিছিল, যদিও বিভিন্ন কাৰণত বহু ছাত্ৰ-ছাত্ৰী, দল-সংগঠনে এই ব্যৱস্থাক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে । সেয়ে, এই সমস্যাৰ সমাধান হিচাপে শিক্ষা বিভাগে বিশেষ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে । শুকুৰবাৰে ৰাজ্যজুৰি অনুষ্ঠিত হোৱা ৩০২ টা পৰীক্ষা কেন্দ্ৰত এই বিশেষ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হয় ।