অসম

assam

কলগাছিয়াৰ কাদং বজাৰত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

By

Published : Sep 19, 2021, 5:49 PM IST

বৰপেটা জিলাৰ মন্দিয়া আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত কাদং বজাৰত খোদ আৰক্ষীৰ সন্মুখতেই দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট ৷ ঘটনাত গুৰুতৰভাৱে আহত বহুকেইজন লোক ৷ বজাৰৰ কৰ সংগ্ৰহ কৰাক কেন্দ্ৰ কৰি উক্ত ঘটনা সংঘটিত হয় ৷ উল্লেখযোগ্য যে, কাদং বজাৰ খন NIT ত অন্তৰ্ভুক্ত নথকাৰ বাবে আনছেৰ আলী নামৰ ব্যক্তিজনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুমতি সাপেক্ষে তেওঁৰ ম্যাদী পট্টাৰ মাটিৰ পৰা 2018 চনৰ পৰাই কৰ সংগ্ৰহ কৰি আহিছে ৷ আঞ্চলিক পঞ্চায়তৰ চলিত কাৰ্যকালত বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ তৎপৰতাত আঞ্চলিক পঞ্চায়তৰ নামত থকা 224 আৰু 449 দাগৰ 3 বিঘা মাটি উদ্ধাৰ কৰাৰ পিছত উক্ত বজাৰ খন আয়নাল হক নামৰ এজন ব্যক্তিক তিনি মাহৰ বাবে আঞ্চলিক পঞ্চায়তৰ পৰা কৰ সংগ্ৰহ কৰিবলৈ অনুমতি দিয়ে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি দেওবাৰে ৰাতিপুৱা বজাৰত অহা দোকানী সকলক লৈ আনছেৰ আলী আৰু আয়নাল হকৰ দুটা ফৈদৰ মাজত টনা আজোৰা কৰাৰ ফলত দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় ৷ ফলত দুয়ো পক্ষৰ বহু কেইগৰাকী পুৰুষ মহিলা গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় ৷ গুৰুতৰভাবে আহত হোৱা লোকসকলক চিকিৎসাৰ বাবে স্থানীয় ৰাইজ আৰু আৰক্ষীৰ তৎপৰতাত বৰপেটা অসামৰিক চিকিৎসালয় আৰু বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল ভালে সংখ্যক আৰক্ষী ঘটনাস্থলীত উপস্থিত থকাৰ পিছতো দুয়ো ফৈদে কাকো নমনাকৈ এনেকুৱা বৰ্বৰ ঘটনা কেনেকৈ সংঘটিত কৰিব পাৰিলে সেয়া সচেতন মহলত চৰ্চাৰ বিষয় হৈ পৰিছে ৷

ABOUT THE AUTHOR

...view details