ভয়ংকৰ : চাওক যোৰহাট-মাজুলী ফেৰী সেৱাৰ প্ৰকৃত স্বৰূপ - inland water transport
বুধবাৰে যোৰহাটৰ নিমাতীঘাটত যি নাও দুৰ্ঘটনা সংঘটিত হৈছে এই ঘটনাই এতিয়া আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ফোঁপোলা স্বৰূপক উদঙাই দিছে । বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এই জয় জয়কাৰৰ যুগত বৰ্তমানেও চলি আছে পুৰণিকলীয়া প্ৰযুক্তিৰে নিৰ্মিত এটা ইঞ্জিনযুক্ত নাও । ইপিনে এনে নাৱতে শ শ যাত্ৰী, গাড়ী, মটৰচাইকেলসহ নিতৌ বিপদ সংকুলভাৱে ইপাৰ সিপাৰ হৈ আহিছে । চৰকাৰে অত্যাধুনিক সা-সুবিধাযুক্ত কেইবাখনো ফেৰী এই ঘাটলৈ পৰিবহণৰ বাবে আনিছিল যদিও ৰহস্যজনকভাৱে এই অত্যাধুনিক ফেৰীকেইখন বহু মাহ ধৰি বন্ধ হৈ আছে । ব্যক্তিগত ফেৰী মালিকপক্ষৰ সৈতে জল পৰিবহণ বিভাগৰ গোপন বুজাবুজিৰ বাবেই এইদৰে বহু মাহ ধৰি চৰকাৰী অত্যাধুনিক ফেৰীকেইখন বন্ধ হৈ আছে বুলি অভিযোগ উত্থাপিত হৈছে । ইপিনে বহন ক্ষমতাতকৈ অত্যাধিক যাত্ৰী সামগ্ৰীৰ লগতে টিকটবিহীনভাৱে যাত্ৰী পৰিবহণ কৰাৰো অভিযোগ উত্থাপিত হৈছে । লগতে যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত নাৱত পৰ্যাপ্ত লাইফ জেকেটকে ধৰি অনান্য সুৰক্ষামূলক ব্যৱস্থাৰ ক্ষেত্ৰত বিভাগটোৰ সমান্তৰালকৈ ফেৰীসমূহৰ মালিকপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো সৰ্বত্ৰে চৰ্চা লাভ কৰিছে । লগতে কালি সংঘটিত হোৱা এই দুৰ্ঘটনাতো বিভাগীয় গাফিলতিৰ ফলতে সংঘটিত হৈছে বুলি প্ৰত্যক্ষ দৰ্শীয়ে মন্তব্য কৰিছে ।