ধুবুৰীত এন আৰ চিৰ সন্দৰ্ভত অধিবক্তা মাছুদ আখতাৰ জামানৰ প্ৰতিক্ৰিয়া - প্ৰতিক্ৰিয়া
প্ৰকাশ পালে এন আৰ চিৰ চূড়ান্ত খচৰা। এন আৰ চি প্ৰকাশৰ পিচত একাংশ দল সংগঠনে অসন্তোষ্টি প্ৰকাশ কৰিছে । একাংশ ৰাজনৈতিক নেতাৰ মন্তব্য অনুসৰি সীমান্তৱৰ্তী জিলা ধুবুৰীত ভবাতকৈ কম সংখ্যক লোকৰ নাম বাদ পৰিছে । যাক লৈ একাংশ ৰাজনৈতিক নেতাই বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য কৰি ধুবুৰীক সন্দেহৰ দৃষ্টিৰে চাইছে। কিন্তু এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি সামগ্ৰিক বিষয়টোকলৈ কি কয় ধুবুৰী জিলাৰ সচেতন নাগৰিক তথা অধিবক্তা মাছুদ আখতাৰ জামানে। এই সন্দৰ্ভত ধুবুৰীৰ পৰা আমাৰ সাংবাদিক সাহানুৰ ইছলামৰ এক প্ৰতিবেদন.....