অসম

assam

ETV Bharat / videos

অৰুনাচলত উপস্থিত হৈ চীনক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সতৰ্কবাণী

By

Published : Jun 17, 2021, 9:31 PM IST

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃহস্পতিবাৰে চুবুৰীয়া ৰাষ্ট্ৰক এক প্ৰকাৰ সাৱধানবাণী শুনাই মুকলি কৰিলে ভাৰত চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ কিমিন-পতিং পথ ৷ দেশৰ নামত ১২ টাকৈ পথ ভাৰ্চুৱেল যুগে উচৰ্গা কৰি বিয়লি কিমিন-পতিং পথৰ পূজা অৰ্চনা কৰি নাৰিকল ভাঙি ফিটা কাটে । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু , কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক লগত লৈ উক্ত পথৰ প্ৰায় ৩ কিলোমিটাৰ ভ্ৰমণ কৰে সীমান্তৰ দিশে । এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুয়ে কয়, অৰুণাচল প্ৰদেশ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাবে আজিৰ দিনটো হৈছে এক গুৰুত্বপূৰ্ণ দিন ।

ABOUT THE AUTHOR

...view details