গোলাঘাট জিলা প্ৰশাসনে মুকলি কৰিলে ক’ভিড হেল্পলাইন নম্বৰ
গোলাঘাটৰ ক'ভিড পৰিস্থিতিক লৈ এক সংবাদমেল সম্বোধন কৰে গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে ৷ উক্ত সংবাদমেলতে গোলাঘাট জিলাত ক'ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰাৰ লগতে সাংবাদিকসকলৰ সৈতে মত-বিনিময় কৰে । এই সংবাদমেলত আগতীয়া পৰীক্ষণ আৰু চিকিৎসা ক'ভিডৰ বিৰুদ্ধে প্ৰধান অস্ত্ৰ বুলি উল্লেখ কৰি উপায়ুক্ত গৰাকীয়ে ৰাইজক সজাগ কৰাৰ বাবে আশা আৰু অংগনবাড়ী কৰ্মীৰ জৰিয়তে গাঁৱে-গাঁৱে সজাগতা অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে উপায়ুক্ত গৰাকীয়ে ৷ লগতে ক'ভিড পৰিস্থিতিৰ সন্দৰ্ভৰ অভাৱ-অভিযোগৰ বাবে এটা হেল্পলাইন নম্বৰ মুকলি কৰাৰ কথাও সদৰি কৰে গোলাঘাট জিলাৰ উপায়ুক্ত গৰাকীয়ে ৷ নম্বৰটো হৈছে 03774-283001 ৷