বৰপথাৰৰ বিলগাঁৱত ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত
ক'ভিড বিধি মানি ৰাস মহোৎসৱ উদযাপনৰ প্ৰস্তুতি চলাইছে গোলাঘাটৰ বৰপথাৰৰ বিলগাঁৱৰ ৰাইজে । গাঁওখনত এতিয়া উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । বিলগাঁৱৰ শ্ৰী শ্ৰী শংকৰদেৱ নামঘৰৰ উদ্যোগত আৰু বিলগাঁও আঞ্চলিক যুৱ সংঘৰ সহযোগত ১৮ নবেম্বৰত প্ৰথম বাৰ্ষিক মুকলি মঞ্চ ৰাস মহোৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে গাঁওবাসীয়ে । কণ কণ শিশু, যুৱক-যুৱতী সকলো ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰাত । প্ৰশিক্ষক হিচাপে তিতাবৰৰ পৰা বিশিষ্ট অভিনেতা প্ৰশান্ত শইকীয়া আৰু ৰঞ্জিত গগৈক আমন্ত্ৰণ কৰি অনা হৈছে । লগতে স্থানীয় প্ৰশিক্ষক হিচাপে আছে ঢোলৰ ওজা তথা সাংস্কৃতিক শিল্পী জিতেন বৰা । আনহাতে, ৰাসৰ আখৰাথলীত নিজ নিজ চৰিত্ৰৰ আখৰা কৰাত ব্যস্ত হৈ পৰিছে কণ কণ শিশুসকল । প্ৰশিক্ষক শিকোৱাৰ ধৰণে নৃত্য কৰিবলৈ প্ৰয়াস কৰিছে কণমানিহঁতে । গাঁৱৰ যুৱক-যুৱতীসকলে দিনে-ৰাতিয়ে ৰাসৰ আখৰা কৰাত ব্যস্ত হৈ পৰিছে । উল্লেখ্য যে, নৱ প্ৰজন্মক সাংস্কৃতিক দিশত আগবঢ়াই নিয়াৰ বাবে এই প্ৰয়াস কৰা হৈছে বুলি জানিবলৈ দিছে ৰাস উদযাপন সমিতিয়ে ।