অসম

assam

ETV Bharat / videos

ক'ভিডত মাতৃহাৰা শিশুৰ কাষত মাতৃৰূপে 'প্ৰত্যাশা'

By

Published : Jul 24, 2021, 10:41 PM IST

ক'ভিডত মাতৃহাৰা হোৱা এই 7 মহীয়া কেঁ‌চুৱাটিৰ দায়িত্ব ল'লে 'প্ৰত্যাশা'ই ৷ ডেৰ বছৰ বয়সলৈকে শিশুটিৰ সকলো দায়িত্ব প্ৰত্যাশাই গ্ৰহণ কৰিছে । ইতিমধ্যে পৰিয়ালৰ লোকক এই সম্পৰ্কে অৱগত কৰিছে আৰু প্ৰয়োজনীয় সকলো সামগ্ৰী 'প্ৰত্যাশা'ই প্ৰদান কৰিব বুলি ঘোষণা কৰিছে । অন্যহাতে 'প্ৰত্যাশা'ৰ অন্যতম বিষয়ববীয়া তথা প্ৰত্যাশাৰ উপদেষ্টা প্ৰাক্তন আটছা নেতা মহেন্দ্ৰ তাঁ‌তীৰ পত্নী জ্যোতি কুশল দাসে দেৱশিশুটিক নিজৰ সন্তানৰ দৰে বুকুৰ দুগ্ধপান কৰোৱাই মহানুভৱতাৰ পৰিচয় দিয়া লগতে মাতৃৰ মমতাময়ী ৰূপটোক পুনৰ বাৰ প্ৰতিফলিত কৰি তোলে। প্ৰত্যাশা'ই প্ৰমাণ কৰিলে বিপদৰ সময়ত উদ্ধাৰ কৰা প্ৰকৃত লোক সকল সঁচা অৰ্থত দেৱতা ৷ কিন্তু এইখিনিতে এটা উল্লেখনীয় বিষয় চৰকাৰে ক’ভিডত স্বামীহাৰা হোৱা মহিলা সকললৈ সাহায্য পুঁজি আগবঢ়োৱাৰ দৰে শিশুৰ বাবেও গ্ৰহণ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰচেষ্টা ৷ কিন্তু কোনো কোনো ঠাইত যেন বৰ্তমানো এই সা-সুবিধা পোৱাৰ পৰা বঞ্চিত আছে বিভিন্ন ঠাইৰ শিশু ৷ তেনে সময়তে এই স্বেচ্ছাসেৱী বেচৰকাৰী অনুষ্ঠান বোৰৰ এই পদক্ষেপ সঁচাকৈ প্ৰসংশনীয় ৷

ABOUT THE AUTHOR

...view details