কাৰ পেটলৈ গ’ল সাৰ কাৰখানাৰ ১২ হাজাৰ কোটি টকা : প্ৰশ্ন প্ৰণতি ফুকনৰ - নাহৰকটীয়া সমষ্টি
নামৰূপ সাৰ কাৰখানাক তিনিটা গোটত বিভক্ত কৰি অধিক গতিশীল আৰু উৎপাদনক্ষম কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০১৫ চনতে মুকলি কৰি দিয়া প্ৰায় ১২ হাজাৰ কোটি টকা কি হ'ল ৷ এই প্ৰশ্ন ৰাজ্যৰ জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনৰ । বুধবাৰে দিছপুৰত এখন সংবাদমেলত ভাগ লৈ নাহৰকটীয়া সমষ্টিৰ প্ৰাক্তন বিধায়িকা গৰাকীয়ে কয় যে, ২০১২ চনৰ পৰা ২০১৫ চনৰ ভিতৰত সাৰ কাৰখানাটোৰ বাবে কেইবাটাও কিস্তিত কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ১২ হাজাৰ কোটি টকা সচাকৈয়ে কি হ'ল সেয়া আজিও ৰহস্য । তেওঁ এই বৃহৎ হৰলুকিৰ বিষয়ে চি বি আই তদন্তও আৰম্ভ কৰিবলৈ দাবী জনায় । লগতে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে আৰু কয় যে, সাৰ কাৰখানাটোৰ একাংশ শীৰ্ষ বিষয়াই ইয়াৰ উন্নয়নৰ বাবে অহা ধনৰ ব্যাপক অপচয় কৰিছিল । নামৰূপত থকা সাৰ কাৰখানাটোৰ ব'ৰ্ড মিটিং সেই সময়ত আন্দামান নিকোবৰত অনুষ্ঠিত কৰা হৈছিল আৰু সেই মিটিঙলৈ শীৰ্ষ বিষয়াসকলে পৰিয়ালসহ গৈছিল । এয়া ধন অপচয়ৰ এটা মাত্ৰ উদাহৰণহে। আনহাতে, কাৰখানাটোৰ সাৰ এতিয়াও চোৰাংভাৱে বিক্ৰী হৈ থকা বিষয়টোও পুনৰ উত্থাপন কৰি প্ৰণতি ফুকনে কয় যে, কেইদিনমান পূৰ্বে এনে ৯৬০ বস্তা সাৰ তিনিচুকীয়াত উদ্ধাৰ হৈছিল । অথচ সেই সাৰখিনি যাব লাগিছিল ত্ৰিপুৰালৈ । নামৰূপ সাৰ কাৰখানাক পুনৰ গতিশীল কৰি তুলিবলৈও তেওঁ দাবী জনায় ৷