অসম

assam

By

Published : Jul 28, 2019, 5:53 PM IST

ETV Bharat / videos

দেওবাৰে বন্ধ চিকিৎসালয় : ৰোগী কঢ়িওৱা গাড়ীতেই সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসক-নাৰ্চৰ অভাৱত ৰোগী কঢ়িয়াই অনা বাহনতে সন্তান প্ৰসৱ কৰিলে এগৰাকী প্ৰসূতিয়ে ৷ বাক্সাৰ সুৱৰ্ণখাটাত সংঘটিত হৈছে এই ঘটনা ৷ বাক্সা জিলাৰ উত্তৰকুছি গাঁৱৰ দিপা ভূজেল নামৰ প্ৰসূতি গৰাকীক দেওবাৰে পুৱা লৈ অহা হৈছিল সুৱৰ্ণখাটা ৰাজ্যিক চিকিৎসালৈ ৷ কিন্তু দেওবাৰ হোৱা বাবেই চিকিৎসালয়ত নাছিল চিকিৎসক অথবা কোনো নাৰ্চ । আনকি চিকিৎসালয়খনত উপস্থিত নাছিল চকীদাৰগৰাকীও ৷ ফলত প্ৰসৱ বেদনাত ধৰফৰাই থকা মহিলা গৰাকীয়ে বাহনখনতে সন্তান প্ৰসৱ কৰিবলগীয়া হয় । এই ঘটনাই প্ৰতিফলন ঘটাইছে স্বাস্থ্যখণ্ডৰ ফোপোলা স্বৰূপটো ৷

ABOUT THE AUTHOR

...view details