বড়োভূমিত উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে অভিযান - বাক্সা আৰক্ষী
বাক্সা জিলাৰ শালবাৰী মহকুমাৰ আৰক্ষীয়ে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ভূটান সীমান্তত তীব্ৰতৰ কৰি তুলিছে অভিযান । বাক্সা মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত আৰক্ষী আৰু এছ এছ বিৰ এটা বৃহৎ দলে ঘন জংঘলৰ ভিতৰত উগ্ৰপন্থী সংগঠন এন ডি এফ বিৰ বিৰুদ্ধে অভিযান চলায় । উল্লেখ্য যে, পূৰ্বতে এন ডি এফ বিয়ে আৰক্ষীয়ে অভিযান চলোৱা স্থানত কেম্প প্ৰস্তুত কৰি ৰাজ্যত ভয়ংকৰ কূটাঘাতমূলক কাম চলাই গৈছিল ৷