দেৰগাঁও-মাজুলীৰ চাপৰিত গঁড়ৰ মুক্ত বিচৰণ - দেৰগাঁৱত গঁড়ৰ মুক্ত বিচৰণ
দেৰগাঁও আৰু মাজুলীৰ দাঁতি কাষৰীয়া অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ৷ নদী কাষৰীয়া চাপৰি অঞ্চলত গঁড় দুটাক দেখি স্বাভাৱিকতে শংকিত হৈ পৰিছে সাধাৰণ লোক ৷ কাজিৰঙাৰ পৰা ওলাই অহাৰ আশংকা প্ৰকাশ কৰা হৈছে গঁড় দুটা ৷ খৰালি সময়ত কোমল ঘাঁহ বিচাৰি আৰু প্ৰজননৰ বাবে গঁড়সমূহে এনেদৰে জনাঞ্চললৈ ওলাই আহে ৷ ঘটনাস্থলীত উপস্থিত হৈছে দেৰগাঁও, কাজিৰঙা আৰু মাজুলীৰ বন বিভাগৰ লোক ৷ বন বিভাগৰ লোকসকলে দিনে-নিশাই গঁড়কেইটাৰ ওপৰত চোকা দৃষ্টি ৰাখিছে ৷