টীয়কত ভোটাৰৰ শাৰীত মহাজোঁটৰ প্ৰাৰ্থী পল্লবী গগৈ - যোৰহাট লোকসভা সমষ্টি
আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে ৷ যোৰহাট লোকসভা সমষ্টিৰ অধীনস্থ 102 নং টীয়ক বিধান সভা সমষ্টিত 191 টা ভোটকেন্দ্ৰত 1 লাখ 31 হাজাৰ 2 শ 98 গৰাকী ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ৷ ইয়াৰে 66 হাজাৰ 39 গৰাকী পুৰুষ ভোটাৰ আৰু 65 হাজাৰ 2 শ 59 গৰাকী মহিলা ভোটাৰ ৷ সমষ্টিটোত এইবাৰ তিনিটা আদৰ্শ ভোটকেন্দ্ৰ তৈয়াৰ কৰিছে ৷ টীয়কৰ 109 নং জহাখাট প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ শাৰী পাতি আন ভোটাৰৰ সৈতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে মহাজোঁটৰ কংগ্ৰেছৰ প্ৰাৰ্থী পল্লবী গগৈয়ে ৷ লগতে সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰি এখন সুস্থ চৰকাৰ গঠনত অৰিহণা যোগাবলৈ আহ্বান জনাইছে ৷