জটিল ৰোগত আক্ৰান্ত লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ বাসগৃহত বিধায়ক ৰূপক শৰ্মা
এক জটিল ৰোগত আক্ৰান্ত হৈ থকা নৱ প্ৰজন্মৰ প্ৰতিভাৱান লেখিকা শৰ্মিষ্ঠা প্ৰীতম বৰুৱাৰ ৰহাৰ ফুলগুৰিস্থিত বাসগৃহত উপস্থিত হ'ল সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ৷ বৃহস্পতিবাৰে সন্ধিয়া শৰ্মিষ্ঠাৰ বাসগৃহত উপস্থিত হৈ বিধায়ক গৰাকীয়ে শৰ্মিষ্ঠাৰ লগত কিছু বৰ্তালাপ কৰি স্বাস্থ্য সম্পৰ্কে বুজ লয় ৷ উল্লেখ্য যে, প্ৰায় পাঁচ বছৰ বয়সৰ পৰাই দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ খোজ কাঢ়িব নোৱাৰা শৰ্মিষ্ঠা প্ৰীতম বৰুৱা মানসিকভাবে অত্যন্ত শক্তিশালী ৷ মানসিকভাৱে প্ৰৱল শক্তিশালী শৰ্মিষ্ঠা প্ৰীতমে হুইল চেয়াৰক সংগী কৰিয়ে অৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ লগতে সমন্তৰালকৈ সৃষ্টি কৰি গৈছে ইখনৰ পিচত সিখন গ্ৰন্থ ৷ তেওঁৰ গ্ৰন্থই ইতিমধ্যে লাভ কৰিছে বহু পুৰস্কাৰ ৷ শেহতীয়াকৈ শৰ্মিষ্ঠা স্পাইন মাচকলাৰ এট্ৰফি (SMA) নামৰ ৰোগত আক্ৰান্ত হোৱা বুলি ধৰা পৰে ৷ এই ৰোগৰ চিকিৎসা অত্যন্ত ব্যয়বহুল ৷ এই ৰোগৰ বাবে বছৰত প্ৰায় 72 লাখ টকাৰ ঔষধ প্ৰয়োজন আৰু চিকিৎসকৰ মতে পাঁচ বছৰীয়া চিকিৎসা ল'ব লাগিব ৷ শৰ্মিষ্ঠাই সুস্থ হোৱাৰ আশা দেখিছে যদিও এই ব্যয়বহুল চিকিৎসাৰ বাবেই থমকি ৰ'ব লগা হৈছে ৷ ফলত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ লগতে ৰাইজৰ পৰা সহায় বিচাৰিছিল শৰ্মিষ্ঠাই ৷ শৰ্মিষ্ঠাৰ এই আহ্বানৰ প্ৰতি সহাঁৰি জনাই বিভিন্ন জন তেওঁৰ কাষত উপস্থিত হৈছেহি ৷ বিধায়ক ৰূপক শৰ্মাই শৰ্মিষ্ঠাৰ বাসগৃহত উপস্থিত হৈ কয় যে, স্পাইন মাচকলাৰ এট্ৰফি বিৰুদ্ধে শৰ্মিষ্ঠাৰ যুঁজ খনত আমাৰো সদায় সহযোগিতা থাকিব ৷ আশা কৰিছো নগাঁৱৰ গৌৰৱ এইগৰাকী প্ৰতিভাবান লেখিকা SMA ৰোগৰ বিৰুদ্ধে হোৱা যুঁজখনত জয়ী হৈ উঠিব ৷
TAGGED:
MLA Rupak Sharma