কিয় টুপী-কুৰ্টা পিন্ধে আমিনুল ইছালামে ?
ধিং সমষ্টিৰ AIUDF ৰ বিধায়ক আমিনুল ইছলামে শেহতীয়াকৈ নিজৰ পোচাক সন্দৰ্ভত কৰিছে এক মন্তব্য ৷ তেওঁৰ মতে, যি সাজ তেওঁ পিন্ধে সেয়া ভাৰতীয় সাজ ৷ লং পেন্ট-চাৰ্ট ইংৰাজে জাপি দিছিল ভাৰতক ৷ গতিকে সেয়া তেওঁ পৰিহাৰ কৰি কুৰ্টা-পায়জামা পিন্ধে ৷ আনহাতে দাঢ়ি ৰখা সন্দৰ্ভত তেওঁক বহুতেই সমালোচনা কৰা বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে কয় যে, ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু হিন্দু ধৰ্মগুৰুৱেও দাঢ়ি ৰাখে ৷ গতিকে সেয়া কোনো ধৰ্মৰ কথা নহয় ৷ চাওক কি কয় বিধায়ক আমিনুল ইছলামে ৷