চন্দ্ৰপুৰত বাঘৰ মুক্ত বিচৰণত শংকিত জন সাধাৰণ
মহানগৰীৰ দাঁতিকাষৰীয়া চন্দ্ৰপুৰত বাঘৰ মুক্ত বিচৰণ ৷ সঘনে অঞ্চলটোত বাঘৰ মুক্ত বিচৰণক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ আতংকৰ । স্থানীয় ৰাইজে জনোৱা মতে, খাদ্যৰ সন্ধানত ওলাই অহা বাঘৰ চকু অঞ্চলবাসীৰ গৰু-ছাগলীকে ধৰি অন্যান্য জীৱ-জন্তুৰ ওপৰত ৷ এই বিষয়ে স্থানীয় ৰাইজে বন বিভাগক অৱগত কৰাৰ পাচতো বিভাগে কোনো ব্যৱস্থা লোৱা নাই বুলি অঞ্চলবাসীয়ে অভিযোগ কৰে ৷ সেয়ে শীঘ্ৰে বাঘক পিঞ্জৰাবদ্ধ কৰি অঞ্চলবাসীক এই আতংকৰ পৰা পৰিত্ৰাণ দিবলৈ বন বিভাগৰ লগতে চৰকাৰক আহ্বান জনাইছে অঞ্চলবাসীয়ে ৷