ডিব্ৰুগড়ত পিঞ্জৰাৱদ্ধ এটা ডেৰ-দুবছৰীয়া নাহৰফুটুকী - ডিব্ৰুগড়ত নাহৰফুটুকী পিঞ্জৰাৱদ্ধ
ডিব্ৰুগড়ত বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ হ'ল প্ৰায় ডেৰ-দুবছৰীয়া এটা নাহৰফুটুকী ৷ ডিব্ৰুগড় চহৰৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ জালান চাহ বাগিছাত নাহৰফুটুকীটো পিঞ্জৰাত আবদ্ধ হয় ৷ পিঞ্জৰাৱদ্ধ নাহৰফুটুকীটোৰ কোনো ধৰণৰ ক্ষয় ক্ষতি হোৱা নাই যদিও পশু চিকিৎসকৰ এটা দলে ইতিমধ্যে নাহফুটুকীটোৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে নজৰত ৰাখিছে ৷ বুধবাৰে নিশা নাহৰফুটুকীটোক বনাঞ্চলত এৰি দিয়া হ'ব বুলি জানিব পৰা গৈছে ৷ ইয়াৰ পূৰ্বেও ডিব্ৰুগড় জালান চাহ বাগিছাত আন এটা প্ৰাপ্তবয়স্ক নাহৰফুটুকী উদ্ধাৰ কৰা হৈছিল ৷