অসম

assam

ETV Bharat / videos

নাহৰকটীয়াৰ চাচনিত পিঞ্জৰাবদ্ধ হ'ল নাহৰফুটুকী - Merbill Tourism Project

By

Published : Sep 26, 2021, 5:16 PM IST

নাহৰকটীয়াৰ চাচনিৰ শিঙিবিল দেওধাই গাঁৱত শনিবাৰে নিশা পিঞ্জৰাবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকী । খাদ্যৰ সন্ধানত মেৰবিল পৰ্যটন প্ৰকল্পৰ ঘন জংঘলৰ পৰা ওলাই অহা এটা নাহৰফুটুকী বাঘে দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজৰ পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি এক প্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷ স্থানীয় ৰাইজৰ অভিযোগ, বন বিভাগক বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ বাৰম্বাৰ আবেদন নিবেদন কৰিছিল ৷ কিন্তু বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগৰ লোকে কোনো ধৰণৰ ব্যবস্থা নকৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসী ৰাইজে ৷ পৰৱৰ্তী সময়ত গাঁওবাসীয়ে নিজৰ গাঁঠিৰ ধন ভাঙি এটা পিঞ্জৰাৰ ব্যৱস্থা কৰে আৰু সেই পিঞ্জৰাতে শনিবাৰে নিশা আৱদ্ধ হয় এই প্ৰকাণ্ড নাহৰফুটুকীটো । স্থানীয় ৰাইজে পতা পিঞ্জৰাত শনিবাৰে নিশা এটা বাঘ পিঞ্জৰাবদ্ধ হোৱাৰ পিছতেই ঘটনাস্থলীত বন বিভাগ আৰু আৰক্ষীৰ এটা দল উপস্থিত হয় ৷ তাৰ পাচত নাহৰফুটুকীটো উদ্ধাৰ কৰি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত মোকলাই দিয়ে ।

ABOUT THE AUTHOR

...view details