চৰাইদেউত আন্তঃৰাজ্যিক পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ - KSSSS complaint against poor construction of Assam Nagaland interstate road
চৰাইদেউৰ সোণাৰি নগৰৰ পৰা চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলা সংযোগী ৭০২ নং আন্তঃৰাজ্যিক পথটি দীৰ্ঘদিন ধৰি বিধ্বস্ত অৱস্থাত থকাৰ পাচত শেহতীয়াকৈ নিৰ্মাণকাৰ্য আৰম্ভ হৈছে । কিন্তু এই পথছোৱা নিৰ্মাণত ব্যাপক বিসংগতি হোৱাৰ লগতে চৰকাৰী নিৰ্দেশনা উলংঘন কৰাৰ অভিযোগ উত্থাপন কৰিছে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ চৰাইদেউ জিলা সমিতিয়ে । সংগঠনটোৰ অভিযোগ অনুসৰি, পথটোৰ চাইড বাম নিৰ্মাণৰ বাবে অতি নিম্নমানৰ পেভাৰ ব্লক ব্যৱহাৰ কৰিছে নিৰ্মাণকাৰী সংস্থাই । আনহাতে, পথৰ কাষৰ নলা বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাত পথ নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই নলাৰ বেৰা খহি পৰা পৰিলক্ষিত হৈছে । সেয়ে, পথটো নিৰ্মাণত যথেষ্ট বিসংগতি হোৱা বুলি অভিযোগ উত্থাপন কৰি সংগঠনটোৱে চৰাইদেউ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে । দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা পথটো নিৰ্মাণৰ বাবে স্থানীয় দল-সংগঠনসমূহে বাৰম্বাৰ দাবী জনাই প্ৰতিবাাদ সাব্যস্ত কৰাৰ পাচত শেহতীয়াকৈ নিৰ্মাণকাৰ্য আৰম্ভ কৰা হৈছে । কিন্তু এই নিৰ্মাণকাৰ্যও অতি লেহেমীয়া গতিত চলিছে । ফলত পথাচাৰীসকলে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ।