ভৰা নৈত মৰণ জাঁপ দুৰ্ভগীয়াৰ - কামৰূপ
বিধ্বংসী বানে জুৰুলা কৰিছে কমলপুৰবাসীক ৷ বানত সৰ্বস্বান্ত হৈ আত্মহত্যাৰ অপচেষ্টা আঠগাৱৰ এগৰাকী ব্যক্তিৰ ৷ ভৰা পুঠিমাৰী নৈত মৰণ জাঁপ দিলে সোনেশ্বৰ নাথ নামৰ ব্যক্তিগৰাকীয়ে ৷ লোকজনক জীৱন্তে উদ্ধাৰ কৰে স্থানীয় ৰাইজে ৷ বলিয়া বানত ইতিমধ্যে লোকজনৰ ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে বিনষ্ট হোৱাৰ লগতে বানে বুৰাই পেলাইছে লোকজনৰ কৃষিভূমি ৷ সেয়ে উপায় অন্তৰ হৈ এই চৰম সিদ্ধান্ত গ্ৰহণ লোকজনৰ ৷