বান্ধৱীৰ জীৱনৰ জটিল ক্ষণত তিতাবৰত এজাক বান্ধৱী
এটা গুৰুতৰ পথ দুৰ্ঘটনা আৰু এগৰাকী যুৱতী ৷ তাৰ পাচৰ দৃশ্য এইয়া আপোনালোকে স্বচক্ষে প্ৰত্যক্ষ কৰক ৷ তিতাবৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এইকেইগৰাকী ছাত্ৰীয়ে এতিয়া বান্ধৱী প্ৰণামী দত্তৰ চিকিৎসাৰ বাবে সহায় ভিক্ষা মাগিছে ৷ ইতিমধ্যে এক পথ দুৰ্ঘটনাত পতিত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে মেজেঙানিৰ দুলু দত্ত আৰু দুলুমণি দত্তৰ কন্যা প্ৰণামী দত্ত ৷ প্ৰণামীৰ উন্নত চিকিৎসাৰ বাবে প্ৰয়োজনীয় টকা বিচাৰি এতিয়া তিতাবৰ পথ আৰু দোকানত এইদৰেই সহায় বিচাৰিছে বিপদৰ লগৰী এইসকল বান্ধৱীয়ে ৷ আমাৰ এক বিশেষ প্ৰতিবেদন...