Eviction at Jonai : জোনাইত মহকুমা প্ৰশাসনৰ উচ্ছেদ অভিযান
জোনাই মহকুমা প্ৰশাসনে(Jonai subdivision administration) দেওবাৰে পুৱা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী লগত লৈ জে চি বিৰে জোনাইৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কুলি তিনিআলিলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ৩ কিলোমিটাৰ পৰ্যন্ত উচ্ছেদ অভিযান(Eviction drive at Jonai National Highway) চলায় ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ নিয়ম অনুযায়ী ঘাইপথৰ মাজৰ পৰা ৭৫ ফুট ভিতৰত পৰা সকলো ব্যৱসায় প্ৰতিষ্ঠান তথা ঘৰৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায় মহকুমা প্ৰশাসনে ৷ জোনাই ৰাজহ চক্ৰ বিষয়া, মণ্ডল আৰু আৰক্ষী-অৰ্ধসামৰিক বাহিনী উপস্থিতিত জোনাই মহকুমা প্ৰশাসনে এই উচ্ছেদ অভিযান(Jonai subdivision administration eviction drive) চলায় ৷