অসম

assam

ETV Bharat / videos

দিছপুৰ সমষ্টিৰ ভোটাৰৰ মনৰ কথাৰে আজিৰ জনতাৰ কন্ঠ - অসম বিধানসভা নিৰ্বাচন

By

Published : Mar 13, 2021, 1:12 PM IST

ইটিভি ভাৰতৰ নিৰ্বাচন বিশেষ অনুষ্ঠান "জনতাৰ কণ্ঠ" ৷ এই অনুষ্ঠানৰ জৰিয়তে আমি খবৰ ল'ম অসমৰ প্ৰতিটো সমষ্টিৰ ভোটাৰৰ ৷ বিগত 5বছৰত সোণোৱাল চৰকাৰৰ কাৰ্যকালত ৰাইজ কিমান সন্তুষ্ট আৰু কিমান অসন্তুষ্ট,ৰাইজৰ আশা-আকাংক্ষাএই সকলোবোৰ পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ চেষ্টা চলাম এই অনুষ্ঠানৰ দ্বাৰা ৷ ৰাজ্যৰ সবাতোকৈ গুৰুত্বপূৰ্ণ সমষ্টিটোৱেই হৈছে ৰাজধানী দিছপুৰ সমষ্টি । ৪ টা ব্লকত বিভাজিত সমষ্টিটোত আছে ১৫ খন গাঁও পঞ্চায়ৰ লগতে আছে গুৱাহাটী পৌৰ নিগমৰ ৯ টাকৈ ৱাৰ্ড । ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ৪ লাখ ৬ হেজাৰ ৫৬ জন ভোটাৰে বিধায়ক হিচাপে ১ লাখ ৯৮ হেজাৰ ৩৭৮ টা বিশাল ভোটেৰে নিৰ্বাচিত কৰিছিল ভাৰতীয় জনতা পাৰ্টীৰ নেতা অতুল বৰাক। ২০০১ চনৰ পৰা কংগ্ৰেছৰ দখলত থকা সমষ্টিটোত ২০১৬ চনত কংগ্ৰেছৰ অকন বৰাই লাভ কৰিছিল মাত্ৰ ৬৮,১৮১ টা ভোট । ১৯৭৮ চনত নতুনকৈ স্বীকৃতি পোৱা এই সমষ্টিটোত ২০১৬ চনলৈকে কোনো নাম নাছিল ভাৰতীয় জনতা পাৰ্টীৰ । কিন্তু ২০১৬ চনৰ নিৰ্বাচনত এনে এক বিশাল ভোটৰ ব্যৱধানত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী অতুল বৰাক সমষ্টিটোৰ ভোটাৰে বিধায়ক হিচাপে ক্ষমতাত অধিষ্ঠিত কৰে । বিগত পাঁচ বছৰে সমষ্টিবাসীয়ে বিধায়কগৰাকীৰ পৰা কি পালে কি নাপালে, তাৰেই এক পৰ্যালোচনা ৷ চাওঁ আহক এই প্ৰতিবেদনত

ABOUT THE AUTHOR

...view details