'ৰাজ্যসভাৰ প্ৰাৰ্থীৰ বাবে মোৰ নাম বিবেচনা হোৱাতো মিছা': জাহ্নু বৰুৱা - ই টি ভি ভাৰত অসম
অসমৰ বিৰোধী দলসমূহে আন একাংশৰ লগতে জাহ্নু বৰুৱাৰ নামটো ৰাজ্যসভাৰ প্ৰাৰ্থীৰূপে বিবেচনা কৰা বুলি প্ৰচাৰ চলা সন্দৰ্ভত অসন্তুষ্টি ব্যক্ত কৰিছে প্ৰসিদ্ধ বোলছবি নিৰ্মাতা তথা পৰিচালকগৰাকীয়ে ৷ এই সন্দৰ্ভত ফেচবুক যোগে এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল জাহ্নু বৰুৱাই ৷ তাৰ পাচতেই ই টি ভি ভাৰত অসমৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত তেখেতে কয় যে, "মই এজন নাগৰিক হিচাপে ৰাজনৈতিকভাৱেও সচেতন হোৱাতো উচিত ৷ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে, মই ৰাজনীতিত প্ৰৱেশ কৰিম" ৷ ইয়াৰ লগতে তেখেতে কয় যে, "যিসকলে প্ৰচাৰ চলাইছে যে, মই বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী হ'ম, সেই সন্দৰ্ভত মই এটাই কথা কওঁ যে, ই সম্পূৰ্ণ মিছা আৰু মোৰ নামটো এইদৰে ব্যৱহাৰ কৰাত মই দুখ পাইছো" ৷