মাখিবাহাত সৰিয়হৰ খেতিৰে পথাৰ শুৱনি কৰিছে একাংশ মহিলাই - ১৫০ গৰাকী মহিলাই ৮০ বিঘা মাটিত সৰিয়হৰ খেতি কৰিছে
মাখিবাহাত মহিলাৰ ব্যতিক্ৰমী প্ৰয়াস ৷ পুৰুষ নহয়, মাখিবাহাত মহিলাসকলৰ খেতিৰে ভৰি পৰিছে পথাৰ ৷ সৰিয়হৰ খেতিৰে স্বাৱলম্বী হোৱাৰ লগতে পৰিয়াল টোক আৰ্থিক ভাৱে টনকিয়াল কৰাৰ প্ৰয়াস কৰিছে মহিলা সকলে । মহিলা সকলৰ এই কৃষি কৰ্ম দেখি এতিয়া কৃষিৰ প্ৰতি আকৰ্ষিত হৈছে বহু নিৱনুৱা যুৱক-যুৱতী । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৌজন্যত "কন্যাকুমাৰী" গ্ৰাম্য সংগঠন, "বীৰাংগনা" গ্ৰাম্য সংগঠন, "নমামী" গ্ৰাম্য সংগঠন আৰু "আকাশীগংগা" গ্ৰাম্য সংগঠন নামৰ চাৰিটা গ্ৰাম্য সংগঠনৰ ডেৰশ মহিলাই সৰিয়হৰ খেতি কৰাত এতিয়া খেতি পথাৰতে মহিলা সকলক ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে । নলবাৰী জিলাৰ টিহু উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪১ নং মাখিবাহা গাঁও পঞ্চায়তৰ প্ৰায় ১৫০ গৰাকী মহিলাই ৮০ বিঘা মাটিত সৰিয়হৰ খেতিৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । এই সৰিয়হৰ খেতিৰ বাবে নলবাৰী জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা মহিলা সকলে সহায় পাইছে যদিও বৰ্তমান কোনো লোকে খবৰ নোলোৱাৰ অভিযোগ কৰিছে মহিলা সকলে ৷