Illegal sand mining in Sivsagar : কাৰ ছত্র ছাঁয়াত শিৱসাগৰত চলিছে বালি-মাফিয়াৰ অবাধ খনন - শিৱসাগৰত বন ধ্বংসযজ্ঞ
শিৱসাগৰ জিলাত চলিছে ব্যাপক বন ধ্বংসযজ্ঞ (Deforestation in Sivsagar )। জিলাখনৰ আমগুৰি, নামতি, কালুগাঁও, শ’লগুৰি, জাঁজী, জামুগুৰিকে ধৰি বৃহত্তৰ এলেকাত চলিছে বন ধ্বংসকাৰ্য । জিলাখনৰ শলগুৰিত নামদাং নদীৰ কাষত ভূ-মাফিয়াৰ অবৈধ মাটি খনন(Illegal sand mining in Sivsagar ) কৰা লগতে বন ধ্বংসযজ্ঞ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । নামদাং নদীৰ সমীপত বৃহৎ বৃহৎ গছ কাটি তহিলং কৰা লগতে প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰীৰ সৃষ্টি কৰিছে । বালি-মাফিয়াই বন ধ্বংসকাৰ্য চলোৱাত শলগুৰি অঞ্চলৰ বান্দৰৰ আৱাসস্থল ভাঙি পেলোৱাৰ উপক্ৰম হৈছে । এইক্ষেত্ৰত শিৱসাগৰ জিলা বন বিভাগৰ নিৰ্লিপ্ত ভূমিকাক লৈ স্থানীয় লোকসকল সৰৱ হৈ উঠিছে । ভূ-মাফিয়াই অবাধ হাৰত মাটি খন্দাৰ ফলত বৃহৎ বৃহৎ পুখুৰী আৰু প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে যোৱা এটা মাহ ধৰি একাংশ অসাধু ব্যৱসায়ীয়ে সন্ত্ৰাস চলাই অহাৰ পিছতো শিৱসাগৰ জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে প্ৰকাশ কৰিছে ক্ষোভ ।