লেমণ্ড পাউণ্ড কেকে সোৱাদভৰা কৰি তুলিব আপোনাৰ বৰদিন - নিউট্ৰিয়নছ
এইবেলি পৃথক কৰি তোলক আপোনাৰ বৰদিন ৷ শীতৰ মাজতে বৰদিনৰ দিনটোত সামান্য পৰিমাণে গ্ৰীষ্মৰ পৰশ দিয়ক লেমণ্ড পাউণ্ড কেকৰ জৰিয়তে ৷ চাইট্ৰাছ ফ্লেভাৰ সমৃদ্ধ এই কেকত আছে নেমুৰ সোৱাদভৰা পৰশ ৷ কেৱল সোৱাদতে নহয়, এই কেকত আছে যথেষ্ঠ পৰিমাণে নিউট্ৰিয়নছ ৷ যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো সহায় কৰিব ৷ আপুনি ঘৰতে চেষ্টা কৰিব পাৰে লেমণ্ড পাউণ্ড কেক ৷ অতি সহজে আৰু কম সময়তে তৈয়াৰ কৰিব পৰা এই কেকৰ সোৱাদ বৰদিনত বিলাওক বন্ধুবৰ্গ আৰু আপোনাৰ আত্মীয়ৰ মাজত ৷