কামৰূপ জিলাত আবদ্ধ প্ৰায় 2000 লোকৰ বাবে 200খন বাছ প্ৰশাসনৰ
আজি তৃতীয় দিনাও পুৱাৰে পৰা কামৰূপৰ আমিনগাঁও নুমলী জলাহ পেৰেড গ্ৰাউণ্ডৰ পৰা ৰাজ্যৰ বিভিন্ন অঞ্চললৈ চলিল অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ ৷ তৃতীয় দিনটোত কামৰূপ জিলাত আবদ্ধ হৈ থকা প্ৰায় 2000 লোকৰ গৃহাভিমুখী যাত্ৰাৰ বাবে অনুমোদন দিয়া প্ৰায় 200 খন বাছ পুৱাই কামৰূপ জিলা প্ৰশাসনে(গ্ৰাম্য) সাজু কৰি তোলে যাত্ৰী সকলৰ বাবে । সামাজিক দুৰত্ব বজাই ৰাখি একোখন বাছত ২০ ৰ পৰা ২৫ জন যাত্ৰী যাবলৈ অনুমতি প্ৰদান কৰে কামৰূপ জিলা প্ৰশাসনৰ তৰফৰ পৰা । কামৰূপ জিলাৰ 104 নম্বৰত ফোন কৰি সুফল নোপোৱা লোকসকলে পোনপটীয়াকৈ কামৰূপ জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কাৰাৰ আহ্বান জনাইছে ৷