অসম

assam

ETV Bharat / videos

অনাৱশ্যকীয়ভাৱে থকা PSO কৰ্তন কৰা হ’ব : ভাস্কৰ জ্যোতি মহন্ত - অসম আৰক্ষীয়ে নতুনকৈ বনাই আছে SOP

By

Published : Dec 29, 2021, 7:12 PM IST

‘‘অসম আৰক্ষীয়ে নতুনকৈ বনাই আছে SOP ৷ অসমত এতিয়া শান্তিৰ পৰিৱেশ সৃষ্টি হৈছে ৷ অনাৱশ্যকীয়ভাৱে আৰক্ষীৰ লোক য’তে ত’তে লাগি থকাৰ ফলত আৰক্ষীৰ প্ৰকৃত কামত ব্যাঘাত আহি পৰিছে ৷ ফলত আৰক্ষীয়ে প্ৰকৃত কামৰ পৰা বাহিৰত থাকিবলগীয়া হোৱাৰ বাবেই ৰাইজৰ সেৱা কৰিবৰ বাবে অসুবিধাৰ সৃষ্টি হৈছে ৷ ৰাইজৰ সেৱাত যাতে অসুবিধাৰ সৃষ্টি নহয়, তাৰ বাবে অনাৱশ্যকীয়ভাৱে থকা PSO অৰ্থাৎ ব্যক্তিগত দেহৰক্ষী কৰ্তন কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে অসম আৰক্ষীয়ে’’ (Unnecessary government PSO will be removed) ৷ বুধবাৰে বৰপেটাত অয়োজিত হোৱা এক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত (DGP Bhaskar Jyoti Mahanta)ই ৷ ইয়াৰোপৰিও বিভিন্ন ক্ষেত্ৰত এক আমোল পৰিৱৰ্তন হ’ব বুলি অসম আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে ৷

ABOUT THE AUTHOR

...view details