অসম

assam

ETV Bharat / videos

কেনে আছে উগ্ৰপন্থীৰ হাতত গুলীবদ্ধ হোৱা জোৱান ৰিংকু নাথ - government has no response to jawan

By

Published : Jan 28, 2022, 10:59 PM IST

28 জানুৱাৰীৰ দিনটো আহিলেই মনলৈ আহে শোণিতপুৰত সংঘটিত হোৱা উগ্ৰপন্থীৰ আক্ৰমণ (Militant attack in Sonitpur)ত পৰি ৰোৱা এজন জোৱানৰ নিথৰ দেহৰ কথা ৷ মনত পৰে শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰয়াত গুলজাৰ হুচেইন আৰু এজন গৃহৰক্ষী জোৱান সহ তিনিজন আৰক্ষীৰ শৰীৰ ভেদি যোৱা শক্তিশালী মাৰণাস্ত্ৰৰ গুলীৰ শব্দ ৷ উগ্ৰপন্থীৰ এই নৃশংস আক্ৰমণৰ বলি হৈছিল ৰিংকু নাথ নামৰ গৃহৰক্ষী জোৱানজন ৷ ভৰিত গুলী লগাৰ বাবে বৰ্তমান ঘূণীয়া হৈয়ে জীৱন কটাইছে ৰিংকু নাথ নামৰ জোৱানজনে ৷ 2014 চনতেই ৰাজ্য চৰকাৰ তথা আৰক্ষী সঞ্চালক প্ৰধানে ৰিংকু নাথক দিছিল সংস্থাপনৰ প্ৰতিশ্ৰুতি ৷ পিছে আজি পৰ্যন্ত নহ’ল ৰিংকু নাথৰ কোনো সংস্থাপন কিম্বা নাপালে কোনো উচিত মৰ্যদা ৷ আনকি চিৰকালৰ বাবে ঘূণীয়া হৈ জীৱন অতিবাহিত কৰা জোৱানজনৰ প্ৰতি কোনো সঁহাৰি নাই ৰজাঘৰৰ লগতে কোনো দল সংগঠনৰ ৷ ৰজাঘৰৰ এনেধৰণৰ কাৰ্যৰ বাবে ক্ষোভিত হৈ পৰিছে প্ৰায় কেবাটাও বছৰ ধৰি অৱহেলিত হৈ ৰোৱা ৰিংকু নাথ ৷ সেয়ে অতি শীৰ্ঘ্ৰই ৰিংকু নাথে তেওঁক সংস্থাপন দিয়াৰ সু ব্যৱস্থা কৰাৰ আহ্বান জনাইছে বৰ্তমানৰ গৃহ বিভাগৰ দায়িত্বতো থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ উগ্ৰপন্থীৰ হাতত চিৰদিনৰ বাবে ঘূণীয়া হোৱা এই জোৱানজনৰ চকুলোৱে উদঙাই দিছে প্ৰকৃততে চৰকাৰ খনৰ এই জোৱানগৰাকীৰ প্ৰতি থকা দায়বদ্ধতা ।

ABOUT THE AUTHOR

...view details