অসম

assam

ETV Bharat / videos

ভণ্ড প্ৰেমিকৰ প্ৰতাৰণা : প্ৰেমিকাই তৰিলে গোচৰ

By

Published : Jul 21, 2019, 6:25 PM IST

প্ৰেম, প্ৰলোভন,বলপূৰ্বক শাৰীৰিক সম্পৰ্ক আৰু গৰ্ভপাত ! শিক্ষকতাৰ পবিত্ৰ বৃত্তিত নিয়োজিত এজন ভণ্ড প্ৰেমিকৰ প্ৰতাৰণাৰ বলি হৈছে এইগৰাকী যুৱতী ৷ আজাহাৰুলৰ কাণ্ড শুনিলে আপোনাৰো চকু কপালত উঠিব ৷ ভুৱা প্ৰতিশ্ৰুতিৰে প্ৰেমিকাক শাৰীৰিক সম্পৰ্ক গঢ়িবলৈ বাধ্য কৰিছিল আজহাৰুলে ৷ প্ৰেমিকাক দুবাৰকৈ গৰ্ভপাত কৰাইছিল আজহাৰুলে ৷ শনিবাৰে নিশা যুৱতী গৰাকীৰ ঘৰত মাজনিশা সোমাই পুনৰ শাৰিৰীক সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা চলাই ভণ্ড প্ৰেমিকে ৷ যুৱতীগৰাকীয়ে বাধা প্ৰদান কৰাত বিভিন্ন ধৰণে শাৰীৰিক নিৰ্যাতন চলাই সেই স্থানৰ পৰা পলায় যায় আজহাৰুল ৷ ঘটনা সন্দৰ্ভত যুৱতীৰ পিতৃয়ে আৰক্ষী থানা গোচৰ ৰুজু কৰিছে যদিও বৰ্তমানেও পলাতক হৈ আছে আজহাৰুল ৷

ABOUT THE AUTHOR

...view details