বানপানীৰ বাবে চিকিৎসাৰ পৰা বঞ্চিত ৰোগী - etv bharat
দিনে নিশাই হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে আইনদীৰ জলপৃষ্ঠ। বঙাইগাঁৱৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ বিস্তীৰ্ণ অঞ্চলৰ ৰাইজৰ ঘৰ দুৱাৰ পানীত ডুব যোৱাৰ লগতে তিলপুখুৰী উপ স্বাস্থ্য কেন্দ্ৰত পানী সোমোৱাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । দিনে নিশাই হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে আইনদীৰ জলপৃষ্ঠ । ইফালে কীৰ্ত্তনপাৰা ডাঙাইগাঁও সংযোগী গড়কাপ্তানী পথটোৰ ওপৰেদি পানী জমা হোৱাৰ ফলত অৰ্ধশতাধিক গাঁও পানীৰ তলত ডুব গৈছে ৷