পুনৰ ক'ভিড-১৯ ত আক্ৰান্ত পুৰণিগুদামৰ এজন যুৱক - স্বাস্থ্য বিভাগ
পুনৰ ক'ভিড-১৯ত আক্ৰান্ত নগাঁৱৰ পুৰণিগুদামৰ এজন যুৱক ৷ পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ত কৰা ৰেপিড এণ্টিজেন টেষ্টত তীৰ্থ বৰা নামৰ যুৱকজনৰ শৰীৰত ধৰা পৰে ক'ৰণাৰ অৱস্থিতি । এদিন পূৰ্বে যুৱকজন আহিছিল গুৱাহাটীৰ পৰা পুৰণিগুদামৰ পানীগাওঁস্থিত নিজা ঘৰলৈ । পৰিয়ালৰ সকলোৰে স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত যুৱকজনৰ বাদে কাৰোৰে দেহত পোৱা নগ’ল ক'ভিডৰ অৱস্থিতি । সদ্যহতে, স্বাস্থ্য বিভাগে যুৱকসহ পৰিয়ালটোক দহ দিনৰ বাবে হ'ম কুৱাৰেনটাইনত থকাৰ ব্যৱস্থা কৰিছে ।