অসম

assam

By

Published : Oct 22, 2021, 7:34 PM IST

ETV Bharat / videos

শিৱসাগৰত ৰাইজৰ দল আৰু বিজেপিক তুলা-ধূনা কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্যৰ

'মিনি দিছপুৰত পৰিণত হৈছে শিৱসাগৰ । ড৹ হিমন্ত বিশ্ব শৰ্মাই সাৰদা, লুইছ বাৰ্জাৰ কেলেংকাৰীৰ পৰা ৰক্ষা পৰিবলৈ গেৰুৱা বসন পিন্ধিলে' । শুকুৰবাৰে শিৱসাগৰ নগৰৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি এইদৰে বিজেপি দল আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা সমালোচনা কৰে কংগ্ৰেছৰ দলৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই । উপ-নিৰ্বাচনত থাওৰা বিধানসভা সমষ্টি সন্দৰ্ভত দলৰ স্থিতিৰ বিষয়েও মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । থাওৰা উপ-নিৰ্বাচনত কংগ্ৰেছ দলৰ দুই প্ৰতিদ্বন্দী দল ৰাইজৰ দল আৰু বিজেপি দলক তীব্ৰ সমালোচনা কৰে অপূৰ্ব ভট্টাচাৰ্যই । ৰাজ্যত এতিয়া মূল্যবৃদ্ধিৰ জুই জ্বলিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, বজাৰৰ জুইৰ পাছত এতিয়া পাকঘৰত জুই লাগিছে । মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিজেপি চৰকাৰে ৰাজ্যৰ উন্নয়নৰ কথা ক'লে নুশুৱায় বুলিও কটাক্ষ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । ৰাজ্যৰ এনে পৰিস্থিতিত কংগ্ৰেছ দলেই একমাত্ৰ বিকল্প আৰু যোগ্য দল বুলি দাবী কৰি উপ-নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ আহবান জনায় । আনহাতে, ৰাইজৰ দলৰ সভাপতি অখিল গগৈক সমালোচনা কৰি তেওঁ কয় যে, অখিল গগৈয়ে অসমৰ ৰাইজক আভুৱা ভৰাবলৈ বৃহৎ নদীবান্ধৰ পৰা আৰম্ভ কৰি টোলগেটলৈকে সকলো সমস্যাক লৈ কেৱল নাটক কৰিছিল । দিল্লীত কোনে বিজেপি দলৰ মন্ত্ৰী পীয়ুষ হাজৰিকাক সংগ দিছিল বুলিও প্ৰশ্ন উত্থাপন কৰে অপূৰ্ব ভট্টাচাৰ্যই । বিজেপি দলৰ হৈ তলে তলে কাম কৰা অখিল গগৈয়ে বিগত নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীক হৰুৱাবলৈ ৩৮টা সমষ্টিত প্ৰাৰ্থী দিয়াক লৈ তেওঁৰ বিজেপি প্ৰীতি স্পষ্ট হৈ পৰে বুলি তেওঁ অভিযোগ তোলে ।

ABOUT THE AUTHOR

...view details