সমষ্টিৰ প্ৰচাৰত ব্যস্ত কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী গগৈ - কম ভোটৰ ব্যৱধানত পৰাজয় হৈছিল পল্লবী গগৈ
ৰাজ্যত ক্ৰমাৎ গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ ৷ সমষ্টিৰ চুকে-কোণে প্ৰচাৰত ব্যস্ত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দলৰে নেতা-পালিনেতা ৷ সমান্তৰালকৈ টীয়কতো কংগ্ৰেছ দলৰ প্ৰাৰ্থী, যুৱ নেত্ৰী পল্লৱী গগৈয়ে গাঁৱে-গাঁৱে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান ৷ প্ৰতিজন ভোটাৰক ওচৰৰ পৰা লগ ধৰি তেওঁলোকৰ অভাৱ অভিযোগসমূহৰ খতিয়ান সংগ্ৰহ কৰে নেত্ৰী গৰাকীয়ে ৷ লগতে সেইসকল ৰাইজৰ বাবে কি কৰণীয় থাকিব তাক নিখুঁতভাৱে অনুভৱ কৰাৰ অৰ্থে ঘৰে ঘৰে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে বুলি মন্তব্য কৰিছে নেত্ৰী গৰাকীয়ে ৷ আনহাতে কংগ্ৰেছৰ চৰকাৰ হ’লে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিব বুলিও ৰাইজক আশ্বাস প্ৰদান কৰে নেত্ৰী গৰাকীয়ে ৷ 2016 ৰ বিধানসভা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ বিপৰীতে অতি কম ভোটৰ ব্যৱধানত পৰাজয় হৈছিল পল্লৱী গগৈ ৷ এইবাৰ নৱ প্ৰজন্মৰ ভোটাৰে পৰিৱৰ্তনৰ পৰিৱৰ্তে পৰিত্ৰাণ পাবলৈ কংগ্ৰেছৰ পক্ষত ভোট সাব্যস্ত কৰি গণতন্ত্ৰক অধিক শক্তিশালী কৰি তুলিব বুলি আশা প্ৰকাশ কৰে টীয়ক সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীয়ে ৷