অসম

assam

ETV Bharat / videos

নিচা আৰু অপৰাধমুক্ত অসম গঢ়াৰ পণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

By

Published : Jun 9, 2021, 11:12 PM IST

Updated : Jun 10, 2021, 3:11 PM IST

বুধবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ডিজিপি, এডিজিপিকে প্ৰমুখ্যে কৰি আৰক্ষী অধীক্ষকসকলৰ সৈতে কাজিৰঙাত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । উক্ত সভাত কেবিনেট মন্ত্ৰী ৰণজিৎ দাসৰ লগতে কৃষিমন্ত্ৰী অতুল বৰা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু বিত্তমন্ত্ৰী অজন্তা নেওগ উপস্থিত থাকে ৷ সুশাসন, আইন-শৃংখলা বজাই ৰখা আদি বিষয়ৰ লগতে আভ্যন্তৰীণ বহুকেইটা বিষয় সন্দৰ্ভত সভাত বিশদভাৱে আলোচনা কৰা হয় । শেহতীয়াকৈ ড্ৰাগছ, গৰুৰ চোৰাং ব্যৱসায়কে আদি কৰি বহু অপৰাধমূলক কাৰ্যকলাপক অসম আৰক্ষীয়ে অধিক তৎপৰতা আগবঢ়োৱাক লৈ প্ৰশংসা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । আনহাতে, সম্প্ৰতি ৰাজ্যত যি হাৰত আৰক্ষীয়ে অপৰাধমূলক ঘটনা প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্চ প্ৰশংসা কৰি আগন্তুক দিনত ড্ৰাগছ মুক্ত অসমৰ লগতে গৰুৰ চোৰাং বেহা মুক্ত অসম গঢ়াৰ ক্ষেত্ৰত অধিক তৎপৰ হ'বলৈ আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ দিয়ে ৷
Last Updated : Jun 10, 2021, 3:11 PM IST

ABOUT THE AUTHOR

...view details