অসম

assam

ETV Bharat / videos

বিকশিত অসমৰ অন্যতম নিদৰ্শন ৰঙিয়াৰ চিৰাখুন্দি-বিহাপাৰা সংযোগী দলং

By

Published : Nov 13, 2021, 10:32 PM IST

ৰঙিয়াত চিৰাখুন্দি-বিহাপাৰা সংযোগী পথৰ ওপৰত এখন জৰাজীৰ্ণ বাঁহৰ দলঙেৰে স্থানীয় ৰাইজে বিপদজনকভাৱে যাতায়ত কৰিবলৈ বাধ্য হৈছে । প্ৰায় ডেৰ বছৰ পূৰ্বে অহা প্ৰলয়ংকাৰী বানে কুমহাজানৰ ওপৰত থকা কাঠৰ দলঙখন উটুৱাই নিছিল । যাৰ বাবে এই বৃহত্তৰ অঞ্চলটোৰ মাজত যাতায়ত বন্ধ হৈ পৰিছিল । বানত দলঙখন উটি যোৱাৰ পাছত যাতায়তৰ নামত দুৰ্ভোগ ভুগি থকা ৰাইজে উপায়ন্তৰ হৈ এখন বাঁহৰ দলং নিৰ্মাণ কৰে । কিন্তু বৰ্তমান এই বাঁহৰ দলংখনৰ অৱস্থা শোচনীয় হৈ পৰিছে । ইফালে দলঙখনৰ দুয়োপাৰে আছে দুখন প্ৰাথমিক বিদ্যালয় ৷ বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে ভয়ে ভয়ে দলঙখনেৰে পাৰাপাৰ হ’বলৈ বাধ্য হৈছে ৷ আনফালে দলঙৰ অভাৱত কোনো স্বাস্থ্যজনিত জৰুৰীকালীন সেৱা অঞ্চলটোৰ ভিতৰলৈ যাব নোৱাৰে । তদুপৰি বিধ্বস্ত দলঙখনেৰে অহা-যোৱা কৰোতে বহুকেইটা দুৰ্ঘটনাও সংঘটিত হৈছে । উল্লেখযোগ্য যে, দলঙখনৰ এটা পাৰ ৰঙিয়া সমষ্টিৰ হোৱাৰ বিপৰীতে আনটো পাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত । যাৰ ফলত দলঙখনৰ নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট হেমাহি হোৱা বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে । অতিশীঘ্ৰে ইয়াত এখন পকী দলং নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থা উন্নত কৰি তুলিবলৈ অঞ্চলবাসীয়ে চৰকাৰক আহ্বান জনাইছে ।

ABOUT THE AUTHOR

...view details