অসম

assam

ETV Bharat / videos

ETV BHARAT EXCLUSIVE : অৰুণাচলত ৰঙা চীনৰ শেন চকু

By

Published : Jul 22, 2019, 5:15 PM IST

হঠাৎ সীমান্তত উপস্থিত হ’ল ভাৰত আৰু চীন দুয়োখন দেশৰ বৃহৎ সৈন্যৰ দল ৷ এইবাৰ স্থান পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ জং মহকুমাৰ অন্তৰ্গত টাচৌ গাঁৱৰ সমীপত হলি জলপ্ৰপাতৰ য়াংকয়িন সীমান্তত ৷ কাঁটা তাঁৰৰ দুয়োপাৰে দুয়োখন দেশৰ সেনাৰ দল ৷ এতিয়া প্ৰশ্ন হয় ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা নেকি চীনা সৈন্যৰ ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে 2018 চনৰ চেপ্তেম্বৰ মাহত চীনা সৈন্যই কেম্প পাতি আছিল অৰুণাচল প্ৰদেশৰ দিবাং ভেলীৰ সমীপত আৰু এই ঘটনা অক্টোবৰ মাহত পোহৰলৈ আনিছিল একমাত্ৰ ইটিভি ভাৰতে ৷ এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details