লক ডাউনঃ ৰেচন কাৰ্ড নথকা দৰিদ্ৰলৈ 1000 টকাৰ ঘোষণা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ - COVID-19
আগন্তুক 30 মাৰ্চৰ ভিতৰত নলবাৰীত কৰ'ণা সংক্ৰমিত ৰোগীৰ বাবে ২০০ খন বিচনা বিভিন্ন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ , সমূহীয়া স্বাস্থ্য কেন্দ্ৰ , আদৰ্শ হাস্পতাল বা অসামৰিক চিকিৎসালয়ত উপলব্ধ হ'ব ৷ দেওবাৰে কৰ'ণা সন্দৰ্ভত উদ্যোগ তথা পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে হোৱা আলোচনাত এই মন্তব্য কৰে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে ৷ আনহাতে, লক ডাউনৰ বাবেই ৰেচন কাৰ্ড নথকা দৰিদ্ৰ লোকসকলক 1000 টকাকৈ দিব বুলি মন্তব্য কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ উদ্যোগ আৰু বাণিজ্য বিভাগৰ নলবাৰীৰ মহাপ্ৰবন্ধকক মন্ত্ৰীগৰাকীয়ে কোনো উদ্যোগক নিৰ্দেশ নোপোৱা পৰ্যন্ত খোলা নিদিবলৈ নিৰ্দেশ দিয়ে পাটোৱাৰীয়ে । পৰ্যালোচনাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰে ৷