বাছ সেৱা মুকলি কৰাৰ দাবীত তেজপুৰত উত্তাল প্ৰতিবাদ
ৰাজ্য চৰকাৰে ঘোষণা কৰা শেহতীয়া ক'ভিড SOP ৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি বুধবাৰে তেজপুৰৰ কেঁকুৰাপলত বাছ মালিক তথা চালক সকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ নতুন SOP ত ব্যৱসায়ীক বাছ সমূহ চলাচল কৰাৰ অনুমতি প্ৰদান নকৰাৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰিছে বাছৰ মালিক তথা চালক সকলে ৷ উল্লেখ্য যে, বিগত তিনি মাহ সময় এই বাছ সমূহৰ চলাচল কৰিব নোৱাৰাৰ বাবে বাছৰ মালিক তথা চালক-কৰ্মচাৰী সকলৰ এতিয়া হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ ইফালে ক'ভিডৰ সময়ছোৱাত এই সকল লোকক সহায়ৰ হাত আগবঢ়োৱা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও সেইয়া ফুটুকাৰ ফেন হ'ল ৷ যাৰ বাবে অতীষ্ঠ হৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে এইসকল লোকে ৷ শীঘ্ৰে এই সন্দৰ্ভত উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে প্ৰতিবাদকাৰী সকলে ৷