'হামদেৰ মনকেৰ বাত' নামৰ অনুষ্ঠানত মত বিনিময় ভূপেন কুমাৰ বৰাৰ - মত বিনিময়
প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰাই দেওবাৰে মাকুমস্থিত বিষ্ণু ৰাভা প্ৰেক্ষাগৃহত চাহ জনগোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে 'হামদেৰ মনকেৰ বাত' নামৰ এক মত বিনিময় অনুষ্ঠানত মিলিত হয় । অনুষ্ঠানত উপস্থিত হোৱাৰ পাছতে চাহ জনগোষ্ঠীৰ মাদলৰ লহৰত ঝুমুৰ নাচি মূল মঞ্চলৈ আদৰি লৈ যোৱা হয় সভাপতি গৰাকীক । তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ চাহ জনগোষ্ঠী লোকৰ লগতে চাহ জনগোষ্ঠীৰ প্ৰতিনিধিৰ নেতৃবৰ্গৰ সৈতে মিলিত হৈ কেনে ধৰণেৰে চাহ জনগোষ্ঠীৰ শ্ৰমিক লোক সকলে নিজৰ প্ৰাপ্য অধিকাৰ লাভ কৰিব পাৰে তাৰ বিষয়ে আলোচনা কৰে । চাহ জনগোষ্ঠীৰ শ্ৰমিক সকলে যিদৰে মূৰৰ ঘাম মাটিত পেলাই সেউজীয়া পৰিৱেশ গঢ়ি তোলে, তাৰ তুলনাত তেওঁলোকে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে বুলি জনাই নেতা গৰাকীয়ে । লগতে শক্তিশালী বিৰোধী দল হিচাপে চাহ জনগোষ্ঠীৰ শ্ৰমিক সকলৰ লগত মত বিনিময় কৰি তেওঁলোকৰ সমস্যা সমূহ সমাধানৰ বাবে পৰৱৰ্তী পৰ্যায়ত কাৰ্যাপন্থা হাতত লোৱাৰ কথাও জনায় নেতা জনে ৷