অসম

assam

ETV Bharat / videos

agri-laws repeal: কৃষি আইন প্ৰত্যাহাৰৰ ঘোষণাত সন্তুষ্ট নহয় কৃষক সভা

By

Published : Nov 21, 2021, 7:11 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আইন প্ৰত্যাহাৰ(farm laws withdrawn by pm)ৰ ঘোষণা কৰা সম্পর্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম ৰাজ্যিক কৃষক সভা(Assam State Kisan Sabha)ই । কৃষক নেতা গোবিন্দ সিনহাই প্ৰধানমন্ত্ৰীৰ ঘোষণাক আদৰণি জনাই যদিও সন্তুষ্ট নহয় বুলি মন্তব্য কৰে । কৃষি আইন যিদৰে সংসদৰ মজিয়াত গৃহীত কৰি প্ৰণয়ন কৰিছিল সেইদৰে সংসদৰ মজিয়াত কৃষি আইন বাতিল কৰিলেহে আশ্বস্ত হ’ব বুলি মন্তব্য কৰে কৃষক নেতাগৰাকীয়ে । যেতিয়ালৈকে সংসদৰ মজিয়াত কৃষি আইন বাতিল(agri-laws repeal) নকৰে তেতিয়ালৈকে আন্দোলন চলি থাকিব বুলি উল্লেখ কৰে কৃষক নেতা গোবিন্দ সিনহাই ৷

ABOUT THE AUTHOR

...view details