অসম আৰক্ষীৰ ওপৰত মিজোৰ আক্ৰমণক বলিয়ালি আখ্যা পৰিমল শুক্ল বৈদ্যৰ - border dispute
দেওবাৰে মিজো দুৰ্বৃত্তই অসম আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰাৰ ফলত 6 জনকৈ আৰক্ষীৰ জোৱান নিহত হৈছিল ৷ টুইটাৰযোগে দেওবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই তথ্য প্ৰকাশ কৰাৰ লগে লগে ৰাজ্য জুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ সীমা-বিবাদ(border dispute)ৰ পৰিণতিত সংঘটিত হোৱা এই ঘটনা সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাছাৰ জিলাৰ ধলাই সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে(union home minister Amit Shah) উত্তৰ-পূৱ ভাৰতৰ ৰাজ্য সমূহৰ সীমাবিবাদ সম্পৰ্কে শেহতীয়া উত্তৰ-পূৱ ভ্ৰমণত মধ্যস্থতাকাৰীৰ স্থিতি লোৱাৰ পিছ মূহুৰ্ততেই এইদৰে মিজো দুৰ্বৃত্তই অসম আৰক্ষীৰ জোৱান আৰু অসামৰিক লোকৰ ওপৰত চলোৱা আক্ৰমণক বলিয়ালি আখ্যা দিয়ে মন্ত্ৰী গৰাকীয়ে ৷