ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি - এশিঙীয়া গঁড়
ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনলৈ সুখবৰ কঢ়িয়াই ল'নলি প্লেনেট আলোচনীয়ে অনুষ্ঠিত কৰা ২০১৯ বৰ্ষৰ ট্ৰেভেল এৱাৰ্ডৰ 'বেষ্ট ডেষ্টিনেশ্বন ফৰ ৱাইল্ড লাইফ ইন ইণ্ডিয়া' খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে অসমে । ট্ৰেভেল এৱাৰ্ডত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড়, হাতী, মহ, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ঘাঁহ, নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ চৰাইৰ বিচৰণ আদিৰ বিষয়েও উল্লেখ কৰা হৈছে । ইয়াৰোপৰি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়েও উল্লেখ আছে উক্ত এৱাৰ্ডটোত ।