অসম

assam

ETV Bharat / videos

ৰাইজৰ দলৰ বিপক্ষে ষড়যন্ত্ৰ কৰিছে BJP য়ে : অখিল গগৈ

By

Published : Oct 29, 2021, 10:09 PM IST

বৃহস্পতিবাৰে নিশা ৰাইজৰ দলে টকা আৰু মদ বিলোৱাৰ অভিযোগ খণ্ডন কৰিছে অখিল গগৈয়ে । এইয়া ৰাইজৰ দলৰ বিপক্ষে ষড়যন্ত্ৰ বুলি অভিযোগ কৰে ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে । মদ আৰু ধন বিলোৱা কাৰ্যৰ প্ৰমাণ কৰিব পাৰিলে ৰাইজৰ দলৰ সভাপতিৰ পদ ত্যাগ কৰিব বুলিও মন্তব্য কৰে অখিল গগৈয়ে । উল্লেখ্য যে, বৃহস্পতিবাৰে সন্ধিয়া থাওৰাৰ নেমুগুৰি বকতা ঢেকেৰীছিগাত ৰাইজৰ দলৰ কৰ্মীয়ে ধন আৰু সুৰাৰ বটল বিলোৱাৰ অভিযোগ আনিছিল বিজেপি কৰ্মীয়ে । ৰাইজৰ দলৰ কৰ্মীয়ে মদ আৰু টকা বিলোৱাৰ অভিযোগ তুলি বিজেপি কৰ্মীয়ে বৃহস্পতিবাৰে সন্ধিয়া উত্তপ্ত কৰি তুলিছিল নেমুগুৰি থানাৰ চৌহদ । পৰৱৰ্তী সময়ত ঘটনাস্থলীত ফ্লাইং স্কোৱাডৰ এটা দল উপস্থিত হৈ সন্তোষ মৰাণ নামৰ এজন লোকৰ স্কৰপিঅ' বাহনখনৰ পৰা নগদ ২ হাজাৰ টকাৰ উপৰি ৪ টাকৈ বিলাতী সুৰাৰ বটল উদ্ধাৰ কৰিছিল । ৰাইজৰ দলৰ মতে, এয়া বিজেপিৰ এক কূট কৌশল । জানিব পৰা মতে, ইতিমধ্যে আৰক্ষীয়েও সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

ABOUT THE AUTHOR

...view details